Filters applied: Assamese • Clear filters
Bordeuta Ahibor Dina
By:
মণিকা দেৱী
Narrated by:
শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Length:
44 minutes
Abridged:
No
সৰু ল'ৰাটোৱে চহৰৰ পৰা অহা বৰদেউতাকলৈ অপাৰ আগ্ৰহেৰে ৰৈ থাকে। বৰদেউতাকৰ স্কুটাৰখন তাৰ অনন্ত কৌতুহলৰ উৎস। গাঁৱত কাৰো স্কুটাৰ নাই। বৰদেউতাকৰ স্কুটাৰৰ পাচফালে উঠি সি সমনীয়াৰ আগত গৌৰৱ কৰিব আৰু টাউনলৈ ফুৰিবলৈ যাব- এনে কিছু সপোনে অকমানি ল'ৰাটোক স্বপ্নবিভোৰ কৰি ৰাখে। বৰদেউতাক আহিলেই সি সপোন দেখে। পিছে ইমান সৰল নে বৰদেউতাকৰ পৃথিৱীখন? মণিকা দেৱীৰ গল্পই... Read more about Bordeuta Ahibor Dina
View audiobook
Chanakya Neeti
By:
B K Chaturvedi
Narrated by:
Bhaskarjyoti Acharjya
Length:
7 hours 1 minute
Abridged:
No
প্ৰাচীন ভাৰতৰ বিখ্যাত তত্ববিদ, দাৰ্শনিক, অৰ্থনীতিবিদ তথা শৌৰ্যশালী মৌৰ্য সম্ৰাটসকলৰ প্ৰধান পৰামৰ্শদাতা, কূটনীতিবিদ কৌটিল্য অথবা চাণক্যৰ নীতিসমূহ আজিৰ সময়তো প্ৰাসংগিক। সুস্থ জীৱন যাপনৰ বাবে বিভিন্ন পৰিস্থিতিত বিভিন্ন মানুহে লব পৰা সিদ্ধান্তসমূহৰ কথা সেই তাহানিতেই চাণক্যই কৈ গৈছে। বি.কে. চতুৰ্বেদীয়ে চাণক্যৰ বিষয়ে লিখি ঊলিওৱা চাণক্য সূত্ৰসমূহ... Read more about Chanakya Neeti
View audiobook
Biborno gohborot golito labha
By:
ৰঞ্জু হাজৰিকা
Narrated by:
বাদল সিন্হা
Length:
3 hours 35 minutes
Abridged:
No
ৰাজনীতি জগতৰ দুজন প্ৰতিপত্তিশালী নেতা অজিত কৃষ্ণ ভাৰ্গৱ আৰু গৌৰীশংকৰ দত্তৰ মাজত ৰাজনীতিৰ শীৰ্ষ আসন দখল কৰাৰ বাবে হোৱা সংঘাতত কাহিনীৰ মূল চৰিত্ৰ সত্যকাম অপ্ৰত্যাশিত ভাৱে সোমাই পৰি সত্যকামে নিজৰ প্ৰেয়সীক হেৰুৱাব লগা হয়। পিছত নানা ঘাত-প্ৰতিঘাত,আবেগ,মৰম-চেনেহ তথা পুনৰ হত্যা-হিংসাৰ মাজেৰে কিদৰে কাহিনী ভাগ আগবাঢ়ি গৈছে তাকে জানিবলৈ শুনক ৰঞ্জু হাজৰিকা... Read more about Biborno gohborot golito labha
View audiobook
The Secret of the Nagas
By:
Amish Tripathi
Narrated by:
মৈত্ৰেয়ী পাটৰ
Length:
15 hours 48 minutes
Abridged:
No
বিশ্ব-ব্ৰহ্মাণ্ডই শিৱলৈ মুৰ দোঁৱায়.. আমিশ ত্ৰিপাঠীৰ অতিশয় জনপ্ৰিয় ত্ৰিলজী 'শিৱ ত্ৰয়োবৃত্ত'ৰ দ্বিতীয় খণ্ড 'দ্য চিক্ৰেট অব্ দ্য নাগছ'ৰ স্বাসৰূদ্ধকৰ কাহিনী পাঠ এইবাৰ শুনক জনপ্ৰিয় কণ্ঠশিল্পী তথা গীতিকাৰ মৈত্ৰেয়ী পাটৰৰ কণ্ঠত। অসমীয়া অনুবাদ সাহিত্য অকাদেমি বঁটাপ্ৰাপ্ত অনুবাদক বিপুল দেউৰীৰ। Read more about The Secret of the Nagas
View audiobook
Kurosowar Sapon, Mor Sapon, Sihotor Sapon
By:
অৰূপা পটংগীয়া কলিতা
Narrated by:
গায়ত্ৰী বৰা
Length:
9 hours 2 minutes
Abridged:
No
কুৰোশ্বোৱাৰ সপোন, মোৰ সপোন, সিহঁতৰ সপোন গল্প সংকলন খনিৰ লেখিকা অৰূপা পটঙ্গীয়া কলিতা। এই সংকলনখনিৰ উপজীব্য ইতিহাস-চেতনাই সৃষ্টি কৰা বিষাদ আৰু যন্ত্ৰণা, দিশাহীন বিপৰ্যস্ত কৈশোৰ আৰু যৌৱন ধৰ্ম-জাতি গোষ্ঠী-ভাষাভিত্তিক ৰাজনীতিয়ে বিধ্বস্ত কৰা মানৱীয় মূল্যবোধ আৰু প্ৰতিৰোধৰ চিৰন্তন চেতনা। দ্ৰুতভাবে সলনি হবলৈ ধৰা সময়খিনিৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰিব বাবে... Read more about Kurosowar Sapon, Mor Sapon, Sihotor Sapon
View audiobook
Baastob Aru Bixaad
By:
ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
Narrated by:
Rahul Gautam Sharma
Length:
4 hours 52 minutes
Abridged:
No
লীলাৱতী দেৱ চৌধুৰী কোন? তেওঁৰ জীৱনৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যায় কিছু ঘটনাৰাজি। অথবা পোহৰহীন পৃথিৱীত পোহৰ বিচাৰি হাবাথুৰি খোৱা কোনো এজন ব্যক্তি.. পোহৰহীনতাৰ পৰা পোহৰলৈ যাত্ৰা আৰম্ভ কৰিব পাৰি নে? কিয় কিছুমান ৰাজ্যৰ বাবে কন্যা সন্তান এতিয়াও অভিশাপ? ১৯৯৮ চনৰ কলিকতাৰ গ্ৰন্থমেলাত কি ঘটিছিল? কোন আছিল অনুপমা? নক্সাল আন্দোলনত উত্তাল হোৱা কলিকতাৰ এটা সময়ৰ... Read more about Baastob Aru Bixaad
View audiobook
Matir Saki
By:
চৈয়দ আব্দুল মালিক
Narrated by:
দিবচন লাল বৰুৱা
Length:
9 hours 58 minutes
Abridged:
No
এজন চিত্ৰশিল্পী। সংঘাত, প্ৰাপ্তি-অপ্ৰাপ্তিৰ বৈচিত্ৰৰে ভৰা তেওঁৰ জীৱনলৈ কিছুমান বিশেষ মানুহ আহে। লগতে আহে কিছু গধুৰ সময়। শিল্পীৰ জীৱনৰ সুক্ষ্মাতিসুক্ষ্ম ঘটনাবোৰ সাৱলীলভাৱে প্ৰকাশ পাইছে চৈয়দ আব্দুল মালিকৰ যাদুকৰী কলমত। জনপ্ৰিয় উপন্যাস 'মাটিৰ চাকি' এইবাৰ শুনক ষ্টৰীটেলত। Read more about Matir Saki
View audiobook
Xorilot Ekura Jui
By:
চৈয়দ আব্দুল মালিক
Narrated by:
লিওচিন্যা বৰচেতিয়া
Length:
5 hours 3 minutes
Abridged:
No
ৰূপে গুণে ধুনীয়া এজনী ছোৱালী ফিৰোজা, জগত জিনিব বিচৰা চঞ্চল তটিনী যেন এজনী ছোৱালী। আৰু বিচৰাধৰণেই আগুৱাই যোৱাত তাইৰ কাৰণে যেন একোৱে বাধা নাই এই পৃথিৱীত! উপযুক্ত সময়ত ধন-মান-যশেৰে পৰিপূৰ্ণ মৰমীয়াল প্ৰেমিক বন্ধু জাহিদৰ লগত বিয়া। বন্ধুবৰ্গই ঈৰ্ষাৰ চকুৰে চাবপৰা এটা জীৱন। গৰ্বিত হ'ব পৰা এটা জীৱন! কিন্তু তাৰ পিছতো সুখ বিচাৰি হাঁহাকাৰ কৰিছিল নেকি... Read more about Xorilot Ekura Jui
View audiobook
Nil Prajapati
By:
অনুৰাধা শৰ্মা পূজাৰী
Narrated by:
শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Length:
5 hours 48 minutes
Abridged:
No
সুখৰ পখিলাটো অহৰহ খেদি ফুৰে মানুহে। পায় জানো সুখ? নীল প্ৰজাপতি পৱিত্ৰ, অস্পৰ্শা, গভীৰ অৰণ্যতহে বিচাৰি পোৱা যায় বুলি প্ৰবাদ আছে। তেনেহলে, মানুহৰ সুখৰ নীল প্ৰজাপতিটোও মানুহৰেই অন্তৰৰ একান্ত নিভৃততম কোণত লুকাই নাথাকে জানো? অথচ, বিশ্বায়নে সৰু কৰি অনা পৃথিৱীত মানুহ যেন ক্ৰমশঃ আঁতৰি গৈ আছে ইজনে সিজনৰ মনৰ পৃথিৱীখনৰ পৰা। মনৰ সম্পৰ্কবোৰত থকা সুখ, দুখ,... Read more about Nil Prajapati
View audiobook
Duronto durdhorxo
By:
ৰঞ্জু হাজৰিকা
Narrated by:
শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Length:
2 hours 41 minutes
Abridged:
No
ৰঞ্জু হাজৰিকাৰ দ্বাৰা লিখিত "দুৰন্ত দুৰ্ধৰ্ষ" হৈছে এখন এডভেন্সাৰ মূলক কিতাপ। এই কিতাপখন চেমনীয়াসকলৰ উপযোগীকৈ লিখা হৈছে, যাতে তেওঁলোকে কল্পনাৰ ডেউকাত ভৰ দি অভিযান কৰিব পাৰে দুৰ্গম পথেৰে- অজান দেশৰ অভিমুখে। Read more about Duronto durdhorxo
View audiobook
Gohin bonor phul
By:
ৰঞ্জু হাজৰিকা
Narrated by:
দেবাংগ পল্লৱ শইকীয়া
Length:
4 hours 4 minutes
Abridged:
No
ৰহস্য আৰু শিহৰণেৰে ভৰা অৰণ্যৰ কাহিনী। প্ৰেম, প্ৰতিশোধ, অহংকাৰ আৰু অৰণ্যৰ গভীৰত প্ৰতি খোজতে সন্মুখীন হোৱা বিপদৰ এক শিহৰণকাৰী বৰ্ণনা "গহীন বনৰ ফুল"। ক্লাচিক ৰঞ্জু হাজৰিকা! Read more about Gohin bonor phul
View audiobook
Dusokut tezor khela
By:
ৰঞ্জু হাজৰিকা
Narrated by:
আইচেংফা বৰুৱা
Length:
4 hours 41 minutes
Abridged:
No
ৰঞ্জু হাজৰিকাদেৱৰ জনপ্ৰিয় উপন্যাস "দুচকুত তেজৰ খেলা" ত লেখকে দুগৰাকী যমজ ভগ্নী, ময়ূৰিকা আৰু সৌমিতাৰ এটি জীৱন কাহিনী বৰ্ণনা কৰিছে অতি সুন্দৰ ৰূপত। একেগৰাকী মাতৃৰ ঔৰসৰ পৰা একেটা সময়তে দুয়ো ভগ্নীৰ জন্ম হ'লেও দুয়োৰে ভাগ্য কিন্তু সম্পূৰ্ণ বিপৰীত...স্বামী সৰিতৰ সৈতে ময়ূৰিকাৰ এক সুখৰ সংসাৰ আনহাতে সৌমিতাৰ বিবাহ এনে এজন দুষ্ট প্ৰকৃতিৰ লোকৰ সৈতে হৈছিল যাৰ... Read more about Dusokut tezor khela
View audiobook
Duronto dosyu
By:
ৰঞ্জু হাজৰিকা
Narrated by:
পাপলু চেতিয়া
Length:
2 hours 55 minutes
Abridged:
No
হঠাতে ঘটিল এটা হত্যাকাণ্ড। সেই হত্যাকাণ্ডৰ উহঁ বিচাৰিবলৈ নৌপাওঁতেই আহি পৰে দুৰন্ত দস্যু। কিন্তু কোন এই দুৰন্ত দস্যু? এটাৰ পিছত এটাকৈ সংঘটিত হৈ গৈ থাকে হত্যাকাণ্ডবোৰ। সংঘটিত হোৱা হত্যাকাণ্ডত বিভ্ৰান্ত হৈ পৰে ডিটেকটিভ দেৱজিত ফুকন। ইফালে আকৌ প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ ৰহস্যৰ আঁত বিচাৰি গৈ বন্দী হৈ পৰে ৰহস্যৰ জালত। আৰু বিজ্ঞানী অমলকৃষ্ণ? পৃষ্ঠাই... Read more about Duronto dosyu
View audiobook
Aghari Aatmar Kahini
By:
চৈয়দ আব্দুল মালিক
Narrated by:
আইচেংফা বৰুৱা
Length:
5 hours 54 minutes
Abridged:
No
ছৈয়দ আব্দুল মালিক। সঁচাই যেন তেখেত অসমীয়া সাহিত্য জগতখনৰেই "মালিক"! তেখেত স্বপ্নদ্ৰষ্টা। "অঘৰী আত্মাৰ কাহিনী" শীৰ্ষক উপন্যাসখনি মালিকদেৱৰ এক অনুপম সৃষ্টি। মূল চৰিত্ৰ শশাংকই হওক বা অপৰাজিতাই হওক বা মৃগাংকই হওক, এই সকলোৰে সামাজিক একো একোটা সুন্দৰ পৰিচয় থাকিলেও যেন চৰিত্ৰবোৰৰ স্থায়ী আশ্ৰয় নাই। তেওঁলোকৰ আত্মাবোৰ, মনবোৰ যেন অঘৰী। হাবাথুৰি খাই... Read more about Aghari Aatmar Kahini
View audiobook
Mrityunjayi Bharat
By:
আমিশ ত্ৰিপাঠী
Narrated by:
বাদল সিন্হা
Length:
5 hours 50 minutes
Abridged:
No
মৃতুঞ্জয়ী ভাৰত' হৈছে আমিশ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ 'ইম্মৰটেল ইণ্ডিয়াৰ' অসমীয়া সংস্কৰণ য'ত তেওঁ প্ৰাচীন ভাৰতীয় ইতিহাসৰ বহুতো তথ্যৰ লগতে বিশ্ব ইতিহাসৰ বিষয়েও উল্লেখ কৰিছে।এই গ্ৰন্থখনত তেওঁৰ অন্যান্য গ্ৰন্থ.. যেনে- শিৱ ত্ৰিল'জী, ৰাম ত্ৰিল'জী, চোহেল দেৱ, ধৰ্ম ইত্যাদি গ্ৰন্থক লৈ পাঠকৰ মনত উদ্ৰেক হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে লগতে তেওঁ কেনেদৰে আৰু... Read more about Mrityunjayi Bharat
View audiobook
Nokhyotro joyor gaan
By:
ৰঞ্জু হাজৰিকা
Narrated by:
দানিশ আহমেদ
Length:
2 hours 30 minutes
Abridged:
No
*নক্ষত্ৰ জয়ৰ গান* এটা কল্প বিজ্ঞানৰ কাহিনী। অৰিজিত, ৰাখা, ভাস্কৰ, আদিত্য, অলক আদি কৰি কেইজনমানৰ এটা দল। মহাবিশ্বৰ ৰহস্য উদ্ঘাটনৰ উদ্দেশ্য তেওঁলোকৰ যাত্ৰা মহাবিশ্বৰ বুকুত। সৌৰজগতৰ প্ৰতিটো গ্ৰহ, নক্ষত্ৰৰ ৰহস্য, গতিবিধি সকলো পৰীক্ষা কৰাই তেওঁলোকৰ মূল উদ্দেশ্য। সেইকাৰণে কেতিয়াবা কেতিয়াবা তেওঁলোকে নিজৰ স্পেচ যানখন লৈ কোনো কোনো গ্ৰহত অৱতৰণ কৰিছে।... Read more about Nokhyotro joyor gaan
View audiobook
Tezor Obhixaar
By:
ৰঞ্জু হাজৰিকা
Narrated by:
Aichengfa Baruah
Length:
3 hours 22 minutes
Abridged:
No
লেখক ৰঞ্জু হাজৰিকাদেৱৰ সুন্দৰ সৃষ্টি "তেজৰ অভিসাৰ", দুখন উপন্যাসৰ সমষ্টি "মৃত্যু অভিসাৰ" আৰু "ক্ষুধিত সৰীসৃপ"। ডিটেক্টিভ কাহিনীৰ পাততেই কেৱল ৰহস্য আবদ্ধ নহয়, ৰহস্য সৰ্বত্ৰ। বিশ্বজগত, মহাকাশ সকলোতেই আছে ৰহস্য। লেখকৰ এই উপন্যাসখনিৰ কাহিনী দুটি বিজ্ঞাননিৰ্ভৰ। একে আষাৰে কল্পবিজ্ঞান আখ্যা নিদি হ'ৰৰ উপন্যাস বুলিও ক'ব পাৰি। কাহিনী দুটি সম্পূৰ্ণ... Read more about Tezor Obhixaar
View audiobook
Mure Puwa Sur Kore Haat Jur
By:
মণিকা দেৱী
Narrated by:
শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Length:
25 minutes
Abridged:
No
ধাৰু চোৰে সিন্ধি দিবলৈ যায় গুটিফুলৰ ঘৰত। গুটিফুলৰ দেউতাক গাঁৱৰ পুৰোহিত। ধাৰুৱে ভাবে পুৰোহিতৰ পুৰোহিতালি কৰি পোৱা সম্পত্তি ঢেৰ। ধাৰু চোৰো অভিজ্ঞ চোৰ। কিন্তু হৃদয় এখন ধাৰুৰো আছে। গুটিফুলে প্ৰেমিকৰ কাৰণে বৈ উলিওৱা গামোছা দুখনে ধাৰুৰ জীৱন সলনি কৰিব। কেনেকৈ? আহক শুনোঁ মণিকা দেৱীৰ 'মুৰে পোৱা চোৰ কৰে হাতযোৰ'। Read more about Mure Puwa Sur Kore Haat Jur
View audiobook
Sa-Puhoror Khel
By:
মণিকা দেৱী
Narrated by:
শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Length:
10 minutes
Abridged:
No
'ছাঁ-পোহৰৰ খেল' এটা প্ৰেমৰ গল্প। সুমন্তই সন্ধ্যাক ভালপায়। সুমন্তৰ মনত সন্ধ্যা অভিমানী। সন্ধ্যাৰ মনত সুমন্ত অন্যমনস্ক। প্ৰেম বিষণ্ণ। আৰু প্ৰেমত পৰাজনে বিষন্নতাকো সযত্নে মনৰ গহনত লালন কৰে। সন্ধ্যাৰ গালৰ তিলটো নে দুদিন পিছত ওলাবলগা তাইৰ পৰীক্ষাৰ ৰিজাল্ট- প্ৰেমিকৰ চিৰন্তন দোমোজাটোত ভৰি দিয়া সুমন্তই কি বাছি ল'ব? আৰু সন্ধ্যাই? আহক শুনোঁ মণিকা দেৱীৰ... Read more about Sa-Puhoror Khel
View audiobook
Thikona
By:
মণিকা দেৱী
Narrated by:
শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Length:
22 minutes
Abridged:
No
আইলতা এল.পি স্কুলৰ শিক্ষয়িত্ৰী। বুনিয়াদী প্ৰশিক্ষনকেন্দ্ৰত লক্ষী ঘোষক লগ পায়। সেই সময়ৰ অসম অগ্নিগৰ্ভা। বঙালীৰ আগ্ৰাসনে অসম ছানি ধৰাক লৈ অসমৰ আকাশ-বতাহ উত্তাল। মানুহৰ মুখে মুখে 'এক দুই তিন, অসমীয়া ৰাইজৰ ৰাতি, পুলিচ-মিলিটেৰীৰ দিন'। লক্ষী চোকা ছোৱালী। নিৰ্জু আইলতা আৰু লক্ষীৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। জাতি পৰিচয়, ভাষা পৰিচয়ৰ খেলিমেলিবোৰৰ মাজত... Read more about Thikona
View audiobook
Johor-Mohor
By:
মণিকা দেৱী
Narrated by:
শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Length:
21 minutes
Abridged:
No
'জহৰ-মহৰ' মণিকা দেৱীৰ এটা বহুপঠিত গল্প। সাপৰ বিষ নোহোৱা কৰা এটা দ্ৰব্যৰ নাম জহৰ-মহৰ। কিন্তু সাপৰ বিষতকৈ মাৰাত্মক বিষ জীৱনত পাই অহা মানুহগৰাকীয়ে জীৱনকেই জহৰ-মহৰ বুলি গ্ৰহণ কৰিছে। তেওঁৰ প্ৰয়োজন আছে জানো সাপৰ বিষ মৰা দৰৱৰ? 'জহৰ-মহৰ'ত মণিকা দেৱীৰ কাহিনী কথনে শুনোতাজনক লৈ যায় ভাৱনাৰ অন্য এখন জগতলৈ য'ৰ পৰা উভতোতে প্ৰখৰ জীৱনী-শক্তিৰে মহীয়ান তথা... Read more about Johor-Mohor
View audiobook
Tora
By:
মণিকা দেৱী
Narrated by:
শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Length:
25 minutes
Abridged:
No
চিত্ৰকল্পেৰে বিষয়ক পূৰ্ণতা প্ৰদান কৰাটো মণিকা দেৱীৰ গল্পৰ বৈশিষ্ট। মাহীয়েকৰ ঘৰৰ বনকৰা ছোৱালী তৰাই সিদ্ধান্ত লয় পলাই যোৱাৰ। সিদ্ধান্ত নলৈ উপায় নাই, মাহীয়েকৰ ঘৰৰ সমস্ত বন সামৰিব লাগে তৰাই। আহিছিল নিজৰ ছোৱালীৰ দৰে থাকি পঢ়া-শুনা কৰিবলৈ, পিছে পঢ়া হ'ল জানো তৰাৰ? তাইৰ মুক্তিৰ মাৰ্গ কি হব? তাই যাব কলৈ? আহক শুনো মণিকা দেৱীৰ হৃদয়স্পৰ্শী গল্প 'তৰা'। Read more about Tora
View audiobook
Bixkumbho
By:
ৰঞ্জু হাজৰিকা
Narrated by:
দানিশ আহমেদ
Length:
2 hours 47 minutes
Abridged:
No
এজন উদীয়মান বিজ্ঞানী মনোজৰ জীৱনত একমাত্ৰ আপোন বুলিবলৈ পত্নী স্মিতা। স্মিতাৰ প্ৰতি মনোজৰ ভালপোৱা প্ৰগাঢ়। কিন্তু হঠাতে সকলো খেলি মেলি হৈ যায় মনোজৰ জীৱনটোত। নিজৰে বন্ধু অনন্তৰ বাহুবন্ধনত পত্নীক দেখাৰ পিছৰে পৰা মনোজে একপ্ৰকাৰৰ মানসিক স্থিৰতা হেৰুৱাই পেলাই। মনোজৰ গুৰু অনিৰুদ্ধ অত্ৰেয়ই এক নতুন আৱিস্কাৰৰ সন্ধানত পৰীক্ষা নিৰীক্ষা চলাই আছিল। যাৰ বাবে... Read more about Bixkumbho
View audiobook
Nixahot mrityur jontrona
By:
ৰঞ্জু হাজৰিকা
Narrated by:
অনাবিল মহন্ত
Length:
2 hours 30 minutes
Abridged:
No
অসমৰ এজন অন্যতম জনপ্রিয় লেখক- ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ দ্বাৰা লিখিত এই উপন্যাস 'নিশাহত মৃত্যুৰ যন্ত্ৰনা' হ'ল এখন জনপ্ৰিয় উপন্যাস। চহৰৰ কেইজনমান অসাধু ব্যবসায়ীৰ অসৎ কাৰ্য্যত সহযোগিতা নকৰাৰ ফলত এজন সাধাৰণ টেক্সি ড্ৰাইভাৰৰ জীৱন কেনেদৰে দুৰ্বিসহ হৈ পৰে তাৰেই বৰ্ণনা এই উপন্যাস খন। চমুকৈ ক'বলৈ গ'লে অসততাৰ প্ৰতি সত্যৰ যুঁজেই যেন 'নিশাহত মৃত্যুৰ... Read more about Nixahot mrityur jontrona
View audiobook
Start gifting
Libro.fm for Business
Start a membership, get two free audiobooks